চুলি সৰা কেনেকৈ বন্ধ কৰিব?

আমাৰ শৰিৰত প্ৰয়োজনীয় পৰিপুষ্টিৰ অভাৱৰ ফলত হৰমনৰ জটিল ক্ৰিয়া কলাপত বিঘিনি ঘটি চুলিৰ নানান সমস্যা হব পাৰে l ৰক্তহীনতা অনিদ্ৰা মানসিক চাপ অদিৰ কাৰণতো চুলি সৰিব পাৰে।
  
ইয়াৰ পৰা পৰিত্ৰান পোৱাৰ কেইটামান ঘৰুৱা উপায় জানো আঁহক - -

  • 5 পাহ জৱা ফুল অাৰু 5 টা জৱা ফুলৰ পাত 25 gm নাৰিকলৰ তেল মিহলাই পতাত পিহি লৈ মূৰত লগাব লাগে l এঘণ্টাৰ পাছত অকল পানীৰে মূৰটো ধুই পেলাব l এনেকৈ সপ্তাহত দুই তিনিদিনকৈ এমাহ কৰিৱ 

  • সপ্তাহত এদিন চাহপাত গৰম পানীত তিয়াই লৈ ঠাণ্ডা হলে সেই পানীৰে মোৰ ধুব পাৰে l চুলিৰ উজ্জলতাও বাঢ়িব আৰু সকলো সমস্যাও আঁতৰি যাব।

  • 100 gm ভাল নাৰিকল তেল 5 gm খোৱা কৰ্পোৰ মিহলাই থৈ দিয়ক l গা ধোৱাৰ পাছত আৰু ৰাতি শোৱাৰ সময়ত ভালকৈ মালিচ কৰি মূৰত লগাব l এইদৰে এসপ্তাহ কৰিলে চুলিৰ সমস্যা সমাধান হব l

  • 100 gm নাৰিকল তেলত এটা গোল নেমুৰ ৰস মিহলাই দিনত দুবাৰকৈ লগাব লাগে 
চুলি সৰা কেনেকৈ বন্ধ কৰিব?
How can I stop hair loss naturally?

Previous Post Next Post

All State Jobs